sangbad lahar logo

বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সৈতে সংগতি ৰাখি সামাজিক-সাংস্কৃতিক সংগঠন “সহোদৰ”ৰ উদ্যোগত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুুষ্ঠান…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সৈতে সংগতি ৰাখি সামাজিক-সাংস্কৃতিক সংগঠন “সহোদৰ”ৰ উদ্যোগত অনুুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বঁঁটা বিতৰণী অনুষ্ঠানটি শুক্ৰবাৰে অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ নৈসৰ্গিক পৰিবেশত অনুষ্ঠিত অনুষ্ঠানটিৰ সঞ্চালনা কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। “অসমীয়া নাট্য সাহিত্যৰ জনক শংকৰদেৱ” শীৰ্ষক বিষয়ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ডাক যোগে অংশ গ্ৰহণ কৰা এই ৰচনা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে বটদ্ৰৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী কস্তুৰী শৰ্মা, ৰেনেচা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী তুষ্টি বৰা আৰু ৰাইডঙীয়া শংকৰ মাধৱ বিদ্যাপীঠৰ ছাত্ৰী হিৰোস্মিতা শইকীয়াই। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বিশিষ্ট সমাজকৰ্মী অৰূপ কুুমাৰ শইকীয়া, ডা০ মুকুট দেৱনাথ, অধ্যাপক প্ৰাঞ্জল হাজৰিকাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিজয়ী প্ৰতিযোগী সকলক “স্বৰ্গীয়া কুসুম শইকীয়া” সোঁৱৰণত নগদ ধন, কিতাপৰ টোপোলা, কলম, ট্ৰফি, গছ পুলি আৰু মানপত্ৰ প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *