
অসমীয়া জাতিৰ হেঁপাহৰ কাতি বিহু। কৃষিৰ সৈতে জড়িত বাপতি সাহোন কঙালী বিহু উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে গঞা ৰাইজ।সন্ধিয়ালৈ সকলোৱে চোতালত তুলসীৰ তলত বন্তি জ্বলাই সেৱা ল’ব। তাৰবাবে তুলসী ভেটি নিৰ্মাণত পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে কণ-কণ শিশু সকল। ইফালে কাতি বিহুৰ দিনা ভেট খোৱা প্ৰাচীন পৰম্পৰা ৰক্ষাৰ বাবে দলনিত ভেট সংগ্ৰহত ব্যস্ত হৈ পৰিছে বটদ্ৰৱাৰ এই শিশুসকল। এনেদৰেই বটদ্ৰৱাৰ গঞা ৰাইজে কাতি বিহু উদযাপনৰ বাবে চলাইছে প্ৰস্তুতি।