
এইয়া শৰৎ ঋতু। শৰতৰ পূৰ্ণিমা নিশাত অনুষ্ঠিত হ’বলগীয়া শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ বাবে ৰাজ্যৰ সত্ৰ আৰু গাঁও সমূহত ব্যাপক আয়োজন দেখা গৈছে। ৰাস উৎসৱৰ আগমনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আখৰা আৰম্ভ কৰিছে। বিগত দুটা বছৰত ক’ৰোনা মহামাৰীৰ বাবে অনুষ্ঠিত হোৱা নাছিল ৰাস মহোৎসৱ। কিন্তু এইবেলি চৰকাৰী নিৰ্দেশনা পালন কৰি বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব হেঁপাহৰ ৰাস উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী মাজগাঁও সাৰ্ব্বজনীন ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অঞ্চলটোৰ ১২ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ অনুষ্ঠিত কৰিব ৰাস উৎসৱ। যাৰ বাবে এতিয়া অঞ্চলটোৰ যুৱতী-বোৱাৰী সকলোৱে মিলি আৰম্ভ কৰিছে ৰাসৰ আখৰা।