
ডিজিটেল ডেস্ক,১৬ মে’: বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানে কণ্ঠদান কৰা ‘তেৰে বিনা’ শীৰ্ষক গীতটি অলপতে মুক্তি লাভ কৰে। বজৰংগী ভাইজান ছলমান খান আৰু মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰনানডেজে অভিনয় কৰা এই মেলডি গীতটো মুক্তিৰ পিছতেই অনুৰাগীৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ছলমান খানৰ ফাৰ্মহাউছত শ্বুটিং কৰা এই গীতটিত ছলমান খানে কণ্ঠ নিগৰোৱাৰ উপৰিও পৰিচালনা আৰু প্ৰযোজনা কৰিছে।
45 Comments