
সংবাদ লহৰ: বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং বাশবাৰীত আই নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে। বিগত কেইটা দিনত প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহ, চৰকাৰী বিদ্যালয়, ৰাজহুৱা মছজিদ সহ শশ বিঘা কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে। আজি ২ নং বাশবাৰী বজাৰৰ পৰা SC বিলেজলৈ যোৱা পথচোৱা নৈৰ বুকুত জাহ যায়। বৰ্তমান সময়ত সমষ্টিখনৰ যোগাযোগৰ গুৰুত্বপূৰ্ণ কীৰ্তনপাৰা – ডাঙাইগাওঁ সংযোগী পকী ৰাস্তা লগতে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বজাৰ আৰু বিদ্যালয় নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে। তৎসত্বেও ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই। উল্লেখযোগ্য যে স্থানীয় ৰাইজে বাৰমবাৰ অনুৰোধ জনোৱাৰ পিছতো গুৰুত্ব দিয়া নাই জিলা প্ৰশাসনে। অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ আহ্বান জনায় গঞা ৰাইজে।