sangbad lahar logo

বঙাইগাঁৱত শালৰ কুণ্ডা জব্দ

বঙাইগাঁও আই সংমণ্ডলৰ অভয়াপুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত উত্তৰ খোৰাগাঁৱত আজি বন বিভাগে বৃহৎ পৰিমাণৰ শালকাঠৰ কুণ্ডা জব্দ কৰে ৷ যোগীঘোপাৰ নিকটবৰ্ত্তী উত্তৰ খোৰাগাঁৱত পাহাৰৰ নামনিত চোৰাং কাঠ ব্যৱসায়ীয়ে শালকাঠ কাটি মজুত কৰি ৰখা বুলি বিশেষ সূত্ৰে জানিব পাৰি আজি আবেলি ৩ মান বজাত অভয়াপুৰী বনকৰ্মী আৰু ঝিটকীবাৰীৰ বন শিবিৰৰ বনকৰ্মীয়ে অভিযান চলাই শালকাঠৰ কুণ্ডাখিনি জব্দ কৰে ৷ ৩৯ টুকুৰা শালকাঠৰ কূণ্ডাখিনি পাচত বনকৰ্মীয়ে অভয়াপুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ যায় ৷ কাঠখিনিৰ মূল্য ৪০ হাজাৰমান হ’ব বুলি অনুমান কৰা হৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *