বঙাইগাঁও জিলাৰ সাজালপাৰাৰ প্ৰাক্তন পঞ্চায়ত সদস্য ছবুৰ উদ্দিনৰ সপক্ষে উলাই আহিছে ৰাইজ। ছবুৰ উদ্দিনৰ বিৰুদ্ধে ভিত্তিহীন বাতৰি প্ৰকাশ হোৱাৰ পিছতেই এইদৰে ৰাইজ উলাই আহে।

বঙাইগাঁও জিলাৰ সাজালপাৰাৰ প্ৰাক্তন পঞ্চায়ত সদস্য ছবুৰ উদ্দিনৰ সপক্ষে উলাই আহিছে ৰাইজ। ছবুৰ উদ্দিনৰ বিৰুদ্ধে ভিত্তিহীন বাতৰি প্ৰকাশ হোৱাৰ পিছতেই এইদৰে ৰাইজ উলাই আহে। এই সংক্ৰান্তত সাংবাদিকৰ আগত ছবুৰ উদ্দিনে মত পোষন কৰে। মোৰ বিৰুদ্ধে অৰুনোদয় আঁচনিত হিতাধিকাৰী বাছনিৰ অনিয়মৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰা সম্পৰ্কে বিভিন্ন চেনেল আৰু পৰ্টেলত বাতৰি প্ৰকাশ হৈছে।

প্ৰকৃততে মই এই অনিয়মৰ লগত জড়িত নহয়। একাংশ ন্যস্তস্বাৰ্থ জড়িত লোকে এনে ধৰনৰ বাতৰি প্ৰকাশ কৰাত মই দূখিতও ব্যথিত হৈছো।অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হোৱা মহিলাওঁ মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে। সমাজত মোক হেয় প্ৰতিপন্ন কৰিবলৈ এনেকুৱা বাতৰি প্ৰচাৰ কৰিছে। আজি সাজালপাৰাত ছবুৰ উদ্দিন মণ্ডলৰ সপক্ষে ওলাই আহিল শতাধিক মহিলা।