বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কদমতলিত পথৰ কামক লৈ উত্তপ্ত পৰিস্থিতি ।

ওচমানী বজাৰৰ পৰা গোলাপাৰা পঞ্চায়ত বজাৰলৈ নতুনকৈ নিৰ্মাণ হৈ থকা পথটোত ট্ৰেক্টৰেৰে মাটি পেলাই আছিল। সন্ধিয়া কদমতলিত মাটি পেলাই থকা অৱস্থাত হঠাতে ৰফিজ উদ্দিন আৰু গুলেনুৰ হুছেইনে চালক আব্বাছ আলীক মাটি নেপেলাবলৈ কৈ মাৰপিট কৰি মোবাইল, ব্লুটুথ, চেইন লৈ যোৱাৰ অভিযোগ । ঘটনা সন্দৰ্ভত দুৰ্ঘটনা হোৱা বুলি কোকিলাৰ আৰক্ষীক ভূৱাকৈ খবৰ দিয়ে । আৰক্ষীয়ে দু-ব্যৱহাৰ কৰি ট্ৰেক্টৰ থানালৈ লৈ আনিব বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উক্ত ঠাইত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই বুলি স্থানীয় ৰাইজে ইতিমধ্যে জানিবলৈ দিয়ে। ঠিকাদাৰৰ পৰা ছাপ ঠিকা বিচাৰি বিফল হোৱাৰ পিছত উক্ত পথৰ কামত বাধা দিয়াৰ অভিযোগ ৰফিজ উদ্দিন আৰু গুলেনুৰ হুছেইনৰ বিৰুদ্ধে । আৰক্ষীয়ে কোনো খা-খবৰ নোলোৱাকৈ দালাল চক্ৰৰ কথামতে ট্ৰেক্টৰ থানাত আনিব বিচৰাত শ শ লোকে বাধা প্ৰদান কৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আব্বাছ আলীয়ে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে।