
বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্ত্তন পাৰাত নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিজ সন্তান বিক্ৰীৰ অভিযোগত ৰাইজৰ ৰোষত পৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল সন্তোষ আৰ্য্য। বালাৰচৰ গাঁৱৰ এই গৰাকী সন্তোষ আৰ্য্যই এমাহৰ ভিতৰত নিজৰ চাৰিটাকৈ সন্তান বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে। মাত্ৰ ডেৰ মাহৰ দেৱশিশুক মাকৰ বুকু খালি কৰি পাষণ্ড পিতৃয়ে বিক্ৰী কৰাৰ পিছত মাকে ৰাইজক ঘটনা সংক্ৰান্তত অৱগত কৰে আৰু ৰাইজে সন্তোষ আৰ্য্যক আটক কৰে আৰু বৰঘোলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰ্য্যক গ্ৰেপ্তাৰ কৰে।ইফালে সন্তোষ আৰ্য্যই এই অভিযোগ নাকচ কৰে। দুখীয়া আৰু ৰুগীয়া মাকৰ ভালৰ বাবেহে সন্তান চাৰিটাক পুহিবলৈ দিছে বুলি সন্তোষ আৰ্য্যই প্ৰকাশ কৰিছে।