
ফিল’বাৰীৰ ঘটনাৰ লগত জড়িত আছু নেতাক বহিস্কাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা।এগৰাকী শিক্ষয়ত্ৰীক সাষ্টাংগে প্ৰণিপাত কৰিবলৈ বাধ্য কৰোৱাৰ বাবে এই সিদ্ধান্ত। তিনিচুকীয়াৰ ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত সংঘটিত হৈছিল এই ঘটনাৰ। বিদ্যালয়খনৰ মাচুলক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীয়ে কৰিছিল আন্দোলন। ইয়াৰ পিছতে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিৰদা বৰাৰ সামান্য কথাক লৈ সৃষ্টি হৈছিল সকলোকে লজ্জানত কৰা এই ঘটনা। এই ঘটনাক নজিৰবিহীন আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ।