
পৰ্যটকৰ বাবে মুকলি কৰা হৈছে নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্য ৷ বন বিভাগৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষক অমৃত সাহায়ে আনুষ্ঠানিকভাবে পৰ্যটকৰ বাবে মুকলি কৰে লাওখোৱা অভয়াৰণ্য ৷ শেহতীয়াকৈ লাওখোৱাত অভিলেখ সংখ্যক পৰিভ্ৰমী চৰাইৰ উপস্হিতি গননাত পোহৰলৈ অহাৰ পিছত পক্ষীপ্ৰেমী পৰ্যটকৰ সংখ্যায়ো বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷ আনহাতে পৰ্যটকৰ বাবে লাওখোৱা মুকলি কৰি দিলেও এই অভয়াৰণ্যত ক’ভিডৰ দুই পালি ভেকচিন লোৱা লোক সকলকহে প্ৰবেশৰ অনুমতি দিয়া হৈছে।