sangbad lahar logo

পৰ্বতঝোৰা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা দুই আছামীক পুনৰ গ্ৰেপ্তাৰ ।

শুকুৰবাৰে কাজিগাঁও আৰক্ষীয়ে গো-মাংস সৰবৰাহ কৰোঁতে দুজনক আটক কৰিছিল ।

কাজিগাঁও আৰক্ষীৰ চকুত ধূলি দি গো-মাংস সৰবৰাহকাৰী দুজন পলাই যাবলৈ সক্ষম হয় ।

পিছে পৰ্বতঝোৰা আৰক্ষীৰ তীব্ৰ অভিযানত আছামী দুজনক গ্ৰেপ্তাৰ কৰে ।

পলায়ন কৰা আছামী দুজন ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ চাপগড় প্ৰথম খণ্ড গাঁওৰ অনোৱাৰ আলীৰ পুত্ৰ আতিকুল ইছলাম আৰু সাহজাহান আলীৰ পুত্ৰ আতোৱাৰ আলী ।

যোৱা ৰাতি পৰ্বতঝোৰা আৰক্ষীয়ে ধুবুৰী জিলাৰ তামাহাট আৰক্ষী থানাৰ উজান পেটলা গাঁওৰ পৰা গো-মাংস সৰবৰাহ মূল মাষ্টাৰমাইণ্ড ফজল আলী শেখক গ্ৰেপ্তাৰ কৰে ।

কাজিগাঁও আৰক্ষীয়ে ৭৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি তিনিজনকেই কোকৰাঝাৰ জিলা সত্ৰ ন্যায়ালয়লৈ প্ৰেৰণ কৰে ।

Related Articles