

পৰিৱেশ সংবেদনশীল এলেকাত পলস খনন, খননস্থলীত ৰঙা ফিটা লগালে তিনিচুকীয়া ফৰেষ্ট ৰেঞ্জে
পলস খননৰ সম্পূৰ্ণৰূপে বন্ধৰ দাবী স্থানীয় দল-সংগঠনৰ
অসম তথা তিনিচুকীয়া জিলাৰ গৌৰৱ মাগুৰি বিলত অৰ্থাৎ পৰিৱেশ সংবেদনশীল এলেকাত একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি অবৈধভাৱে পলস খনন কৰি ব্যৱসায় চলাই আহিছে। বিগত সময়ছোৱাত তিনিচুকীয়া জিলাৰ বন বিভাগে বন্ধ কৰিছে যদিও কেইদিনমানৰ পাছতে পুনৰ খননৰ কাম আৰম্ভ কৰা দেখা যায়। উল্লেখ্য যে তিনিচুকীয়া ফৰেষ্ট ৰেঞ্জৰ তৰফৰ পৰা দুমাহৰ পূৰ্বে পলস খননস্থলীত ৰঙা ফিটা লগাইছিল। কিন্তু একেই স্থানতে পুনৰ খনন কৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে। বন বিভাগৰ সৈতে পলস খননকাৰী জড়িত আছে নেকি বুলি স্থানীয় ৰাইজৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে। আজি পুৱাৰ ভাগত মাগুৰি বিলৰ নিচেই কাষতে একাংশ দুষ্ট চক্ৰই ড্ৰাম্পাৰ, জেচিবি লগাই পলস খনন কৰি থকা দেখি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা তিনিচুকীয়া ৰেঞ্জৰ বিষয়া-কৰ্মচাৰীক অৱগত কৰে। লগে লগে তিনিচুকীয়া ফৰেষ্ট ৰেঞ্জৰ ডেপুটি ৰেঞ্জাৰ কুঞ্জলতা ৰাজখোৱাৰ তৎপৰতাত এটা বন বিভাগৰ দলে পলস খননস্থলীত উপস্থিত হৈ ৰঙা ফিটা লগায়।