
নিউজ ডেস্কঃ আজি ছিপাঝাৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সেৱা আৰু সংকল্প অভিযানৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ৷ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতাই ৪৫২ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হৈ সত্ৰত ৰঘুনাথৰ আশীষ লোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সত্ৰ পৰিচালনা সমিতিয়ে আদৰণি জনায় ৷ প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী দৰঙৰ ঐতিহাসিক ক্ষেত্ৰ সাতকুৰি কৃষক শ্বহীদ সমাধি ক্ষেত্ৰতো শ্বহীদ সকলৰ স্মৃতিত নিৰ্মাণ কৰা কৃষক শ্বহীদ সমাধিত পূষ্পাঞ্জলি অৰ্পণ কৰে ৷
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১সংখ্যক জন্মদিন উপলক্ষে খটৰা সত্ৰত এক স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক সভাত অংশগ্ৰহণ কৰে ৷