
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথ ধামত উন্মোচন কৰিব আদিগুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি। কেদাৰনাথত শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ আৰু ৩৫ টন ওজনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ২০১৩ চনৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা শংকৰাচাৰ্যৰ সমাধিস্থলো মুকলি কৰিব। বাবা কেদাৰনাথৰ দৰ্শন কৰাৰ লগতে মোদীয়ে কেদাৰনাথত ৪০০ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব।