Skip to content
প্ৰতিভাৱান যুৱকৰ মৃত্যুত লখিমপুৰত শোকৰ ছাঁ
Home - Accident - প্ৰতিভাৱান যুৱকৰ মৃত্যুত লখিমপুৰত শোকৰ ছাঁ
ডিজিটেল ডেস্ক , লখিমপুৰ , সংবাদ লহৰঃ– এজন প্ৰতিভাৱান যুৱকৰ আকস্মিক মৃত্যুত সমগ্ৰ লখিমপুৰ জিলাখনতে পৰিছে শোকৰ ছাঁ । বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ নাওবৈচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা। আকস্মিক দুৰ্ঘটনাত থিতাতে মৃত্যুক আকোঁৱালি ললে শৰীৰচৰ্চাবিদ বিনয় কায়স্থই । গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখে আহি থকা এ এছ ০১ কে.চি ৮৮৫২ নম্বৰৰ তীব্ৰ বেগী ট্ৰাকৰ প্ৰচণ্ড খুন্দাত বিনয় কায়স্থ দেহাৱসান ঘটে।”মি:ৰঙানদী”সন্মান লাভ কৰা শৰীৰচৰ্চাবিদ বিনয় কায়স্থৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ লখিমপুৰ জিলাখনত ।