Skip to content
প্ৰতীক্ষাৰ অন্ত, ৭:৩০ বজাত আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ প্ৰথমখন খেল আৰম্ভ
Home - Local News - প্ৰতীক্ষাৰ অন্ত, ৭:৩০ বজাত আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ প্ৰথমখন খেল আৰম্ভ
ডিজিটেল ডেস্ক, ১৯ ছেপ্তেম্বৰ : বহু প্ৰতিক্ষিত বিশ্বৰ ব্যয়বহুল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল টি-২০ প্ৰতিযোগিতা আজিৰ পৰা আৰৱত আৰম্ভ হ’ব। কৰ’না আতংকৰ বাবে দৰ্শক শূন্যভাবে সংযুক্ত আৰৱ ৰাষ্ট্ৰত অনুষ্ঠিত হ’ব এই বিশ্বৰ ব্যয়বহুল টি-২০ প্ৰতিযোগিতা। আজিৰ পৰা ১০ নৱেম্বৰলৈ সংযুক্ত আৰৱত হ’ব লগীয়া এই প্ৰতিযোগিতা দৰ্শক অবিহনে আবুধাবি, ডুবাই আৰু শ্বাৰজাহ এই তিনিটা স্থানত অনুষ্ঠিত হ’ব। মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত পূৰ্বৰ দৰে নাথাকে আড়ম্বৰপূৰ্ণ উদ্ধোধনী অনুষ্ঠান। আনকি দৰ্শকক মনোৰঞ্জন দিয়া ‘চিয়েৰ লিডাৰ্চো’ নাথাকে। উল্লেখযোগ্য যে, ২৯ মাৰ্চত হ’বলগীয়া এই প্ৰতিযোগিতা মহামাৰী কৰ’না আতংকৰ বাবে স্থগিত কৰা হৈছিল। বহু বাধা নেওচি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তৃতীয় বাৰৰ বাবে বিদেশৰ ভূমিত আয়োজন কৰিছে এই প্ৰতিযোগিতা। আজি সন্ধিয়া আবুধাবীৰ শ্বেখজাইদ ষ্টেডিয়ামত ৭:৩০ বজাৰ পৰা ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ্ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব লগীয়া খেলখনৰে আৰম্ভ হ’ব লগীয়া আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ খেলসমূহ দৰ্শকে ষ্টাৰ স্পোৰ্টচ্ ১ আৰু ২ ৰ জৰিয়তে প্ৰত্যক্ষ কৰিব পাৰিব। স্মৰ্তব্য যে, অসমৰ প্ৰতিভাৱান খেলুৱৈ ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলৰ ত্ৰয়োদশ সংস্কৰণত অংশগ্ৰহণ কৰিব।