sangbad lahar logo

পোনপ্ৰথম বাৰৰ বাবে বটদ্ৰৱাত উপস্থিত ৰাজ্যৰ গৃহমন্ত্ৰী অমৃত শ্বাহ

বটদ্ৰৱা , ২৫ ফেব্ৰুৱাৰীঃ– ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাবাসী । দুপৰীয়া ১২.৩০ বজাত বটদ্ৰৱাত হেলিকপ্টাৰে পদাৰ্পন কৰে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হেলিকপ্টাৰ পৰা নামি পোনে পোনে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত প্রায় দুই লক্ষাধিক লোকৰ উপস্থিতিত জনসভাত অংশ গ্ৰহণ কৰে। সভাত আৰম্ভণি ভাষন প্ৰদান কৰে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া জাতীয় জীৱনৰ বাবে আজি উল্লেখ্যযোগ্য দিন। আমি গুৰুজনাক অসমত নহয় সমগ্র বিশ্বত পৰিচয় কৰাব বিচাৰিছোঁ। অসমীয়া জাতিক আগুৱাই নিবলৈ হলে শংকৰ মাধৱৰ আদৰ্শ অনুকৰন কৰিবই লাগিব। বুলি হিমন্ত বিশ্ব শৰ্মাই ভাষণত উল্লেখ কৰাৰ লগতে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি শীৰ্ষক ঘোষাৰে ভাষন সামৰণি মাৰে। পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে “জয় জয় বটদ্রৱা বৈকুন্ঠ দুতয়, সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়” শীৰ্ষক বটদ্ৰৱা থান বৰ্ননা গীতেৰে আৰম্ভণি কৰি ভাষনত “গুৰুজনাৰ বিষয়ে গুনানুকীৰ্তন কৰাৰ ধৃষ্টতা মোৰ নাই। মানৱ জাতিক শান্তিৰ বাৰ্থ দিবলৈ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হব লাগিব। নৱ প্ৰজন্মক শংকৰদেৱ প্ৰমুখ্যে বৈষ্ণৱ গুৰুসকলৰ জীৱন দৰ্শন অধ্যয়নৰ জড়িয়তে বিশ্ব মানৱ জাতিৰ সন্মুখত চিনাকি দিব লাগিব।” আমি অসমীয়া মহাজাতিৰ সন্তান। বুলি ভাষনত উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে “শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাতোৱেই মোৰ পৰম সৌভাগ্য। গুৰুজনাৰ ওচৰলৈ আহিবলৈ কৃপা দৃষ্টি লাগিব। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত ৰামৰাজ্যৰ কল্পনা নিহিত আছে। বিশ্ব মানৱ জাতিৰ একাত্মবোধ, ভাতৃত্ব আৰু মানৱবোধৰ নিদৰ্শন ভাৰতীয় মহাজাতিয়ে শঙ্কৰদেৱ মাধৱৰ পৰা অনুকৰন কৰিব লাগিব। স্বাধীনতাৰ আগতেই মহাত্মা গান্ধীয়ে কৈছিল, আপোনালোক অসমীয়া জাতি সৌভাগ্যবান। গুৰু শংকৰে পাঁচশ বছৰ পূৰ্বে এই ভূমিত ৰামৰাজ্য প্ৰতিষ্ঠা কৰি গৈছে। মই অসম চৰকাৰক অনুৰোধ কৰিম, বছৰি ২৫ হাজাৰ সত্ৰ-নামঘৰক অনুদান আগবঢ়াই। গড় হত্যা বন্ধ হৈছে, আৰু এটা কাম বাকি আছে। বানপানীৰ পৰা অসমক মুক্ত কৰিবলৈ আৰু পাঁচ বছৰ লাগিব। অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি, কভিডৰ সময়ত সন্মুখৰ পৰা কৰোনাৰ পৰা ৰাইজক বচাবলৈ নেতত্ব দিয়াৰ বাবে। শান্তি আৰু বিকাশৰ কাম বিজেপিৰ দ্বাৰা সম্ভৱ। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ স্বাধীনতা আন্দোলনৰ স্বহীদ উমাকান্ত বৰুৱা, ভোগেশ্বৰী ফুকননীকে প্ৰমুখ্য কৰি সকলো স্বহীদৰ নাম উচ্চাৰণ কৰি, কয় যে, কংগ্ৰেছক জিকাবলৈ সৰু সৰু দল বোৰে আন্দোলন কৰিছে। মুক্তিযোদ্ধা সকলক প্ৰকৃত সন্মান বিজেপিয়ে দিছে। কংগ্ৰেছৰ শাসনৰ দীৰ্ঘকাল বেদখল হৈ থকা বটদ্ৰৱাৰ এই ভূখণ্ডত আমাৰ চৰকাৰে বেদখলমুক্ত কৰি যুগ যুগান্তৰলৈ গুৰুজনাৰ অমৰ কৃৰ্তি চিহ্ন ৰখাৰ সংকল্পৰে আমি এই বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ণ এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছো। ভাষন শেষ কৰি বটদ্ৰৱা থানত প্ৰৱেশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীৰ লগত জাতীয় সাজত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানত প্ৰৱেশ কৰে।
ভকত বৈষ্ণৱৰ আনন্দ উল্লাসৰ মাজেৰে জাপি বাটচ’ৰাৰে পোনে পোনে কীৰ্তন ঘৰত প্ৰৱেশ কৰে গৃহমন্ত্ৰী গৰাকীয়ে। গায়ন বায়নৰ মাঙ্গলিক বাদ্য, আয়তীৰ মংগল উৰুলি, দিহানামেৰে গৃহমন্ত্ৰী অমিত শ্বাহক বটদ্ৰৱা থানলৈ আদৰি অনা হয়। বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে পৰা দবা, কাঁহ, ঘন্টা আদি দেৱবাদ্যৰ মংগলিক ধ্বনিৰে গৃহমন্ত্ৰীক আশীৰ্বাদ প্ৰদান কৰে। বটদ্ৰৱা থানৰ নাটঘৰত পৰিচালনা সমিতিয়ে গৃৃহমন্ত্ৰী অমিত স্বাহ, মুুুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কুহিলা কঠ, শৰাই, ধৰ্মবস্ত্ৰ, বটদ্ৰৱা থান বৰ্ণনা গীত, খোল, মাইহাং আদিৰে সম্বৰ্ধনা জনায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *