আন্তঃৰাষ্ট্ৰীয় লায়ন্স ক্লাবৰ অন্তৰ্ভুক্ত ডিগবৈ লায়ন্স ক্লাবৰ উদ্যোগত বুধবাৰে নিশা স্থায়ী সেৱা কেন্দ্ৰত কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্য্যটকৰ ওপৰত কৰা জঘন্য আক্ৰমণত নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন,আহত সকলক আৰোগ্য কামনা আৰু নিহত পৰিয়ালবৰ্গলৈ লায়ন্স ক্লাবৰ পৰিয়ালে সমবেদনা জ্ঞাপন কৰে।

সন্ত্ৰাসবাদীয়ে মানৱতাৰ ওপৰত কৰা জঘন্য আক্ৰমণক সকলো সদস্যই একেমুখে গৰিহণা দিয়ে। ভাৰতৰ শান্তি অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে একেলগে কাম কৰিবলৈ সংহতি প্ৰকাশ কৰে ডিগবৈ লায়ন্স ক্লাবৰ পৰিয়ালে।
