
সমগ্ৰ ৰাজ্যজুৰি দূৰ্গা পূজাৰ আনন্দ আনহাতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মুল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰৈচালাত মূল্য বৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁও জিলা NSUI য়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সেয়ে মুল্য বৃদ্ধি ৰোধ কৰক নহলে পদত্যাগ কৰিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনোৱাৰ লগতে শীঘ্ৰেই পেট্ৰল, ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী জনায় অন্যথাই গনতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।