sangbad lahar logo

পৃথিৱীখন চোৱাৰ মোৰ বৰ হেঁপাহ আছে , পাৰে যদি মোক অলপ সহায় কৰক না ! কাতৰ আহ্বান দৃষ্টিহীন দৃষ্টিৰ…

দৃষ্টিশক্তি নোহোৱাৰ বাবেই অষ্টম শ্ৰেণীতে অধ্যয়ন সামৰিল টেঙাপুখুৰীৰ এগৰাকী যুৱতীয়ে।দৰিদ্ৰ পৰিয়ালৰ যুৱতী গৰাকীৰ চিকিৎসা কৰিবলৈও আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো।

শিৱসাগৰৰ টেঙাপুখুৰীৰ চোলাধৰা গাঁৱৰ এগৰাকী ১৯বছৰীয়া যুৱতী।জন্মৰ তিনিবছৰ বয়সৰে পৰা দৃষ্টিহীন যুৱতী গৰাকী।দৃষ্টিহীন এই যুৱতী গৰাকীৰ নাম দৃষ্টি ফুকন।

দৃষ্টি ফুকনৰ মনত আছে দুৰ্বাহ হেঁপাহ।পৃথিৱীখন চোৱা আৰু পঢ়াৰ হেঁপাহ দৃষ্টিৰ।জন্মৰ প্ৰায় ছয়মাহতেই বসন্ত ৰোগত ভুগি তিনিবছৰ বয়সতেই দুই চকুত কেটেৰেক্ট পৰি চিৰদিনৰ বাবে দুই চকুৰ দৃষ্টি হেৰুৱাই পেলাইছিল দৃষ্টিয়ে।কিন্তু চকুৰ উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱ দৃষ্টিৰ , কিয়নো ঘৰখনত কাৰোৱেই নাই উপাৰ্জনৰ পথ,দিন হাজিৰা কৰি ককায়েকে দি আহিছে পৰিয়ালটো পোহপাল ।

সেয়ে দৃষ্টিৰ লগতে মাতৃয়ে ৰাজ্য চৰকাৰ, স্বাস্থ্যবিভাগ, মুখ্যমন্ত্ৰী আৰু ৰাইজলৈ কাতৰ আহ্বান৷ দৃষ্টিয়ে যাতে পুনৰ ঘূৰাই পাই দৃষ্টিশক্তি। দৃষ্টি ফুকনক যদি কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰে তেনেহলে ইণ্ডিয়ান বেংকৰ শিমলুগুৰি শাখাৰ বেংক একাউণ্ট নম্বৰ ৬৯৭৬১৬৭২৭৪, IFSC CODE – IDIB000N121 ত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে ৬০০০৩২৫৮০১ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *