sangbad lahar logo

পুনৰ ৰে’ল দুৰ্ঘটনা । কথমপি ৰক্ষা পৰিল দিল্লী- নাহৰলগন ৰাজধানী এক্সপ্রেছ ।

দিল্লী আৰু অৰুণাচলৰ নাহৰলগনৰ মাজত চলা নাহৰলগন-দিল্লী এক্সপ্রেছ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল । জানিব পৰা মতে, কালি বিয়লি ৪ বাজি ৪৫ মিনিটত দিল্লীস্থিত আনন্দ বিহাৰ টাৰ্মিনেল ষ্টেচনৰ পৰা অহা  ২২৪১২ নম্বৰৰ উক্ত ৰাজধানী এক্সপ্রেছ ৰে’লখন উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু শিৱানৰ মাজত অৰ্থাৎ ভটনি ষ্টেচনৰ ওচৰত জুই লগাৰ পৰা কথমপি ৰক্ষা পৰে । ৰাতিপুৱা ৬ মান বজাত সংঘটিত হব ধৰা দুৰ্ঘটনাৰ সংকেত পাই ৰে’লখনৰ চাইৰেন বাজি উঠাত ৰে’লখনৰ যাত্ৰীসকলৰ মাজত লাগে হুৱাদুৱা । পিছত ৰে’ল কৰ্তৃপক্ষৰ বিশেষজ্ঞলোকে ঘটনাস্থলীত উপস্থিত হৈ ৰে’লখনৰ বৈদ্যুতিক তাঁৰসমূহ ভালকৈ পৰ্যবেক্ষণ কৰাৰ পিছত পুনৰ ৰে’লখনে অৰুণাচলৰ নাহৰলগনলৈ যাত্রা আৰম্ভ কৰে । উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত সবিশেষ জানিব দিয়ে ৰে’লখনৰ যাত্ৰী ইটাখোলাৰ বাসিন্দা আশ্ৰফ আনচাৰীয়ে ।

Related Articles