sangbad lahar logo

পুনৰ মুকলি আকাশৰ তললৈ ৬৭ এন এল এফ বি কেডাৰ।

সংবাদ লহৰ: পুনৰ মুকলি আকাশৰ তললৈ ৬৭ এন এল এফ বি কেডাৰ। যোৱা ২২ জুলাইত ওদালগুৰি জিলাৰ মাজবাটৰ অসম অৰুনাচল সীমান্তৱৰ্তী লালপানীত এম বাথা আৰু বকোৰ নেতৃত্বত ২৩ জনকৈ এন এল এফ বি কেডাৰে জংঘলৰ পৰা ওলাই অহাৰ পিছত আজি পুনৰ ৬৭ গৰাকী কৈ কে়ডাৰ ঘন অৰন্যৰ পৰা ওলাই আহিল। ওদালগুৰি জিলাৰ মাজবাটৰ অসম অৰুনাচলৰ পাহাৰীয়া জংঘলৰ পৰা হাতে হাতে অস্ৰ শস্ৰ লৈ কিয়াজুলিত উপস্থিত হয় কেডাৰ সকল। পূৰ্বৰ পৰা ৰৈ থকা অসংখ্য লোকে হৰ্ষধ্বনিৰে আদৰনি জনায় এন এল এফ বি কেডাৰ সকলক। আৰক্ষীৰ বেস্তনীৰ মাজেৰে প্ৰায় ৩ কিলোমিটাৰ পথ খোজ কাঢ়ি অতিক্ৰম কৰাৰ পিছত আৰক্ষীৰ বাছেৰে ওদালগুৰি লৈ আহে কেডাৰ সকল।কেডাৰ সকলে আঠ টাকৈ একে চিৰিজ, ২ টা এচ এল আৰ, ২ টা নাইন এম এম পিষ্টল, ৭.২ পিষ্টল ২ টা, হেণ্ড গ্ৰেনেট ৪ টা লৈ ওলাই অহে। স্থায়ী শান্তিৰ স্বাৰ্থতে এন এল এফ বিৰ কেডাৰ সকল এনেদৰে মুকলি আকাশৰ তললৈ ওলাই অহা বুলি মন্তব্য কৰে ইতিমধ্যে জংঘলৰ পৰা ওলাই সংগঠনটোৰ উপসভাপতি বি বকোৱে। উল্লেখ যোগ্য যে মন্ত্ৰী পিয়ুচ হাজৰিকা আৰু বি টি আৰৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ আৰু অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জে পি সিঙৰ উপস্থিতিত ওদালগুৰিৰ মাজবাটৰ লালপানীত সংগঠনটোৰ এম বাথা আৰু উপ সভাপতি বি বকোৰ নেতৃত্বত ২৩ জন কেডাৰে আলোচনাৰ বাৱে যুদ্ধবিৰতি ঘোষণা কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *