
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰিৰ উজিৰ আলিৰ পুত্ৰ সমছেৰ আলী(৩২)ৰ কেৰেলাত মৃত্যু হয়। বাথৰুমত পিছলি পৰি মৃত্যু হয় বুলি জানিব পৰা গৈছে। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে কৰ্নাটক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও ডাক্তৰে মৃত বুলি ঘোষনা কৰে। প্ৰায় ৮ মাহ আগতে কাম কৰিবলৈ গৈছিল সমছেৰ আলী। আজি মৃত দেহ ঘৰলৈ অনাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। মৃত্যুৰ সময়ত দুটি সন্তান, পত্নী আৰু অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। স্থানীয় ৰাইজৰ দাবী যি কোম্পানীত কাম কৰিছিল সেই কোম্পানীৰ স্বত্তাধিকাৰীয়ে মৃতকৰ পৰিয়াললৈ উপযুক্ত ক্ষতি পূৰণ দিব লাগে ।