গুৱাহাটীঃ পুনৰ গ্ৰেপ্তাৰ জিআৰপিৰ নিলম্বিত সহকাৰী উপ পৰিদৰ্শক । ৰে’লযাত্ৰীৰ সুৰক্ষাত নিয়োজিত থকাৰ নামত ফেব্ৰুৱাৰীত ৪৫ লাখ টকাৰ সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ হোৱাৰ পিছত জামিন লাভ কৰা জিআৰপিৰ নিলম্বিত সহকাৰী উপ পৰিদৰ্শক পুনৰ হ’ল গ্ৰেপ্তাৰ । মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষীৰ অভিযানৰ সময়ত গ্ৰেপ্তাৰ হয় ঝা । বুধবাৰে শ্ৰৱণ কুমাৰ ঝা নামৰ নিলম্বিত উপ পৰিদৰ্শকগৰাকীয়ে বৃহৎ পৰিমাণৰ নগদ ধনসহ সোণ সৰবৰাহ কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল । ঘটনাৰ অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

155 Comments