পুনৰ উজলিল শোণিতপুৰ জিলাৰ চৈবাৰীত স্হিত নদুৱাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুল…

2022 চনত বৃহত্তৰ নদুৱাৰ অঞ্চলৰ কেইবাগৰাকীমান শিক্ষাবিদ তথা সচেতন নাগৰিক প্ৰচেষ্টাত গঢ লৈ উঠা নদুৱাৰ চিনিয়ৰ চেকেণ্ডেৰীয়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত পুৰ্বৰ ধাৰা অব্যাহত ৰাখি এই বছৰো উজলিবলৈ সক্ষম হৈছে। অতিকৈ পিছপৰা আৰু অতি দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা এই চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ এনে ঈৰ্ষণীয় ফলাফলে স্বাভাৱিক ভাৱেই উৎফুল্লিত কৰিছে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক । শেষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিজন ছাত্র ছাত্ৰীয়ে সুখ্যাতিৰে উতীৰ্ন হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে