

9th Mile, Khanapara, Ri Bhoi, May 24, 2025: University of Science and Technology Meghalaya (USTM)-এ আজি ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আয়োজন কৰিলে Parents-Management Meet।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয় খনত অধ্যান কৰা, দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক সকলে। অভিভাৱক – কৰ্তিপক্ষৰ এই সভাত বিশ্ববিদ্যালয়ৰ আচৰ্য্য মহবুবুল হক, উপাচাৰ্য্য প্ৰফেছাৰ জি দি শৰ্মাৰ লগতে উচ্চ পৰ্য্যায়ৰ বিষয়া, শিক্ষক, আৰু বিশ্ববিদ্যালয় পৰিচালন পৰিষদে অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতেই USTM ৰ পঞ্জিয়ক অঞ্জু হাজৰিকাই নিজৰ আদৰণী ভাষণত অভিভাৱক সকলক আদৰি, বিশ্ববিদ্যালয়খনক সকলো সময়তে সহায় সহযোগিতা আগবঢ়াই অহাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।
অনুষ্ঠানখনৰ মূল উদ্দেশ্য আছিল অভিভাৱক আৰু বিশ্ববিদ্যালয়ৰ মাজত সৰল সংলাপৰ মাজেৰে শিক্ষাৰ গুণমান, ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশ, আৰু ভবিষ্যৎ দিশপূৰ্ণ কৰ্মজীৱনৰ বাবে যৌথভাৱে আগবাঢ়ি যোৱা।
বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য প্ৰফেছাৰ জি দি শৰ্মাই কয় : অভিভাৱক সকলৰ সহযোগিতাই বিশ্ববিদ্যালয়ৰ উচ্চতা আৰু অধিক শিখৰলৈ নিব।
বিশ্ববিদ্যালয়ৰ মাননীয় আচার্য মাহবুবুল হক-এ তেওঁৰ ভাষণত কয়: “আজিৰ এই সভাই বিশ্ববিদ্যালয়ত অধ্যন কৰি থকা ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক আৰু বিশ্ববিদ্যালয়ৰ পৰিচালনা পৰিষদৰ মাজত গঢ়ি তুলিব এক বিশ্বাস আৰু মধুৰ সম্পৰ্ক।
এই বৈঠকৰ জৰিয়তে অভিভাৱকে নিজৰ সন্তানৰ শিক্ষাৰ অগ্ৰগতি, আচৰণ, আৰু বিশ্ববিদ্যালয়ত কৰা কাৰ্য্যসমূহৰ বিষয়ে জানিব পাৰিব। বিশেষকৈ পিতৃ-মাতৃসকলৰ সৈতে আমাৰ বন্ধন অটুট। এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি সকলোকে একেলগ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উন্নয়নৰ পথ আঁকিছোঁ।”
এইবৰ্ষত USTM ৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে UGC- NET পৰীক্ষাত। নিজ সন্তানৰ এই অভূতপূৰ্ব সফলতাক লৈ বিশ্ববিদ্যালয় কৰ্তিপক্ষৰ ভূমিকাক লৈ ভূয়সী প্ৰশংসা কৰিলে পিতৃ মাতৃ সকলে। বিশ্ববিদ্যালয়ৰ বিশেষ প্ৰচেষ্টা সমূহক প্ৰশংসা কৰি, এই বিশ্ববিদ্যালয়ত উত্তৰ-পূবৰ সকলো ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব লাগে বুলি উল্লেখ কৰে অভিভাৱক সকলে।
অভিভাৱক সকলৰ মন্তব্য: প্ৰতিটো পাঠ্যতালিকাৰ সৈতে খেলাধূলাৰ ক্ষেত্ৰটো একে সমান্তৰালভাৱে উন্নয়ন হ’ব লাগে। তেওঁলোকে কয়, “USTM-ত যি ধৰণৰ একাডেমিক মান আছে, খেলৰ সৈতেও সংগতি ৰাখিও ভবিষ্যতৰ দিনত অলিম্পিকত যোগদানৰ বাবে ছাত্ৰ ছাত্ৰীৰ পথ প্ৰশস্ত কৰাটো আমি বিচাৰো। মেঘালয় চৰকাৰলৈ আহ্বান ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা ২০২৭ ৰ কিছু সংখ্যক খেল অনুষ্ঠিত হব লাগে USTM ৰ খেলপথাৰত।
এই অনুষ্ঠানতেই বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ বাবে মুকলি কৰা হল “Pimc Health Card'”। এই হেলথ কাৰ্ডৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলেও লাভ কৰিব পাৰিব বিশেষ সুবিধা সমূহ। এই বিশেষ কাৰ্ড খনে বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্যক PA Sangma International Medical College and Hospital ত স্বাস্থ্যজনিত যি কোনো সুবিধা ৰেহাই মূল্যত লাভ কৰিব পাৰিব।
এই অনুষ্ঠানৰ জৰিয়তে USTM-এ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰে—অভিভাৱক আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতা থাকিলে শিক্ষাৰ পথ অধিক উজ্জ্বল হয়।