
নিউজেলেণ্ডৰ হাতত পৰাস্ত হ’ল ভাৰত। টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পাছত নিউজিলেণ্ডৰ হাততো পৰাস্ত হ’ল ভাৰত ।দেওবাৰৰ মেচখনত মাত্ৰ ১১০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ভাৰত। ২০ অভাৰত ভাৰতে ৭টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১১০ ৰান ।কিন্তু নিউজিলেণ্ডে খেলপথাৰত মাত্ৰ দুটা উইকেট হেৰুৱাই ভাৰতে বান্ধি দিয়া লক্ষ্যত উপনীত হয়। ১৪.৩ অভাৰতে নিউজিলেণ্ডে ১১১ ৰান কৰি পৰাস্ত কৰে ভাৰতক।