পৰিবৰ্তনৰ কথা কৈ শাসনলৈ অহা আৰু সৱকা সাথ, সৱকা বিকাশৰ শ্ল’গান দিয়া বিজেপি চৰকাৰখনৰ দিনত কি পৰিৱৰ্তন হৈছে আৰু কিমান বিকাশ হৈছে সেয়া ভিতৰুৱা গ্ৰাম্যাঞ্চলসমূহৰ ছবিসমূহ দেখিলেই স্পষ্ট হৈ পৰিব । চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ লেছাম আৰু চেঙামাৰী নামৰ গাঁও দুখনলৈ যাবলৈ আজিও নাই কোনো সুচল পথ যোগাযোগ । গাঁও দুখনলৈ যাবলৈ পাৰ হৈ যাব লাগে ৰাইজে গাঁঠিৰ ধন ভাঙি দি লোৱা আৰু বৰ্তমান জৰাজীৰ্ণ হৈ পৰা পাঁচখনকৈ বাঁহৰ দলং । দুবছৰৰ পূৰ্বে গাইনদীৰ বানে খণ্ড-বিখণ্ড কৰি পেলোৱা গাঁও দুখনলৈ যোৱা একমাত্ৰ পথটো মেৰামতিৰ বাবে কোনেও ব্যৱস্থা গ্ৰহণ কৰা নাই । সম্প্ৰতি জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেদি অতি বিপদসংকুলভাৱে যাতায়ত কৰিছে গাঁও দুখনৰ ৰাইজে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক অতি বিপদজনকভাৱে বিদয়ালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে । বাৰিষা একমাত্ৰ নাৱেই যাতায়তৰ মাধ্যম হৈ পৰে গাঁও দুখনৰ ৰাইজৰ । ৰাইজে পথটো নিৰ্মাণ কৰি দিবৰ বাবে বিধায়ক ভুৱন পেগুক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই । আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ যুটীয়া সম্পাদক তপন শইকীয়াৰ নেতৃত্বত এটি দলে পথটো পৰিদৰ্শন কৰে । অচিৰেই পথটো আৰু দলংসমূহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ৰাইজৰ সহযোগত আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে ।