sangbad lahar logo

পল্লৱী বুঢ়াগোঁহাই আৰু বীণাপানী ডেকাৰ ‘দুটামান সেউজীয়া সপোন’ কবিতা পুথি উন্মোচন।

আজি এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড়ৰ চাবুৱাত উন্মোচন কৰা হয় এখন কবিতা পুথি। নৱপ্ৰজন্মৰ উদীয়মান লেখিকা, কবি পল্লৱী বুঢ়াগোঁহাই আৰু বিশিষ্ট কবি বীনাপানি ডেকাৰ প্ৰকাশিত কাব্য সংকলন ‘দুটিমান সেউজীয়া সপোন’ আজি উন্মোচন কৰে জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠান চাবুৱা ডিব্ৰুগড়ৰ অধ্যাপক ভূপেন দাসে। বিশিষ্ট সমাজকৰ্মী বিমল চন্দ্ৰ বৰুৱাই আঁত ধৰা কাব্য পুথি উন্মোচনী সভাত সভাপতিত্ব কৰে শিক্ষক পুষ্প হাজৰিকাই।

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠানত এক গাম্ভিয্য পূৰ্ণ পৰিৱেশত অনুষ্ঠানত হোৱা কাব্য পুথি উন্মোচনী সভাত উপস্থিত থাকে বৰহাট কলেজৰ অধ্যাপক ড০ বাৰিন্দ্ৰ দাস, সদৌ অসম মট সন্মিলনীৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দেবেন গোঁহাইকে, যোৰহাটৰ পুলিবৰ প্ৰকাশনৰ আশামণি গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তি।

কবিতা পুথি খন উন্মোচন কৰি ভূপেন দাসে দুয়োগৰাকী কবিলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এইদৰে নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যাবলৈ আহ্বান জনায়। লগতে তেওঁ কয় দুটিমান সেউজীয়া সপোনে পাঠক সমাজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে দুটামান সেউজীয়া সপোন নামৰ এই কবিতা পুথিত প্ৰকাশিত কবিতা সমুহ প্ৰকৃতি প্ৰেম, শিশুসুলভ, মাতৃস্নেহ, নাৰী বিপ্লৱী মনোভাৱলৈ লিখা হৈছে।

উল্লেখ্য যে বিশিষ্ট লেখিকা, কবি পল্লৱী বুঢ়াগোঁহাই যোৰহাটৰ পৰা প্ৰকাশিত কিশোৰ কিশোৰী সকলৰ আলোচনী বাখৰ ৰ উপদেষ্টা।বৰ্তমান নৱপ্ৰজন্মৰ লেখক লেখিকাৰ মাজত যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পল্লৱী বুঢ়াগোঁহাইয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *