
দুচকীয়া যানবাহন চলাওঁতে আৰু উঠোতে হেলমেট পৰিধান কৰা, মোৱাইলত কথা পাতি আৰু মাদক দ্ৰব্য সেৱন কৰি গাড়ী বা বাইক চলালে কেনেদৰে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে তাকে বাটৰ নাটৰ জৰিয়তে প্ৰদৰ্শন কৰি জনসাধাৰণৰ মাজত পথ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
খানাপাৰা , গনেশগুড়ি , এবিচি আদি স্থানত নগৰৰ প্ৰতিটো গাড়ী আস্থানত এইদৰে বাটৰ নাট প্ৰদৰ্শন কৰে অভিনয় শিল্পীসকলে।
উল্লেখযোগ্য যে মহানগৰ জিলা পৰিবহণ বিভাগৰ দ্বাৰা শ্লোগানেৰে যান বাহন কৰ পৰিশোধ কৰক,
পৰিবহন ব্যৱস্থা সূচল কৰক মূল শ্লোগানেৰে ৰাইজক সজাগতা প্ৰদানো কৰা হয়।
আনহাতে ৰাজ্যৰ অৰ্থনৈতিক ভেটি সবল কৰি তোলাৰ ক্ষেত্রতো যান বাহনৰ মালিকক কৰ পৰিশোধ কৰি নৈতিক দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় তেওঁলোকে।
লগতে সকলো যান বাহনৰ গৰাকীক অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰৰ সৈতে যান বাহনৰ যাৱকীয় নথি পত্ৰ নবীকৰন কৰিবলৈয়ো আহ্বান জনাই তেওঁলোকে।