sangbad lahar logo

পথৰ শোচনীয় অৱস্থাই দুৰ্ভোগ ভুগাইছে গোৰেশ্বৰৰ কলাকুছি গাঁ‌ৱৰ ৰাইজক । এজাক বৰষুণতে কদৰ্য্যময় হৈ পৰা পথৰ বাবে জীয়াতু ভুগিছে অঞ্চলটোৰ ৰাইজে ।

স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ অৱগত কৰোৱাৰ পিছতো সুফল পোৱা নাই অঞ্চলবাসীয়ে ।

জৰাজীৰ্ণ পথটোৰ বাবে প্ৰতিদিনে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি শ-শ ৰাইজে যাতায়তৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে  ।

উক্ত পথটোৰে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ আহ-যাহ কৰিব নোৱাৰাৰ ফলত বিগত সময়ছোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ ।

পৰিৱৰ্তনৰ শ্লোগানেৰে বিটিচি দখল কৰা প্ৰমোদ বড়োৰ চৰকাৰৰ দিনতো উন্নয়নৰ মুখ দেখা নাই গ্ৰামাঞ্চলৰ বহু ৰাইজে । একেদৰে গোৰেশ্বৰতো গ্ৰাম্য পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে বহু লোকক । গোৰেশ্বৰৰ কলাকুছি গাঁ‌ৱৰ পৰা আন্ধেৰীঘাট সংযোগী পথটোৰ শোচনীয় অৱস্থাই এতিয়া জলা-কলা খুৱাইছে কেইবাখনো গাঁ‌ৱৰ ৰাইজক । প্ৰতিদিনে শ-শ পথচাৰী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী অদি অহা-যোৱা কৰা পথটো চৰকাৰৰ গুৰত্বহীনতাৰ ফলত যাতায়তৰ অনুপযোগী হৈ পৰিছে । যাৰ ফলত উক্ত পথেৰে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ পৰ্যন্ত চলাচল কৰিব নোৱাৰা অৱস্থা হৈছে । সেয়ে স্থানীয় ৰাইকে অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তোলাৰ দাবী উত্থাপন কৰিছে ।

Related Articles