
নিউজ ডেস্ক : পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ ৰহৰ দীঘলীআটিৰ দুবৰিতলী-কলংপাৰ অঞ্চলৰ ৰাইজৰ। বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ সংযোগী পথ দুবৰিতলী-কলংপাৰ পথটোৰ দুৰৱস্থাই জলা কলা খুৱাইছে অঞ্চলবাসীক। সামান্য এজাক বৰষুণতে বন্ধ হৈ পৰে যাতায়াত-যোগাযোগ। পথৰ ওপৰত একাঠু বোকা, মাজে মাজে পুখুৰীসদৃশ গাঁত। যাতায়াতত দুৰ্ভোগ ভোগা অঞ্চলবাসীয়ে পথটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ, জন প্ৰতিনিধি তথা চৰকাৰক বাৰম্বাৰ অনুৰুধ কৰাৰ পিচতো স্বাধীনতাৰ ৭৫ বছৰৰ পিচতো পকীকৰণ কৰা নহ’ল পথটো। ফলত যমৰ যাতনা ভুগিছে অঞ্চলবাসীয়ে। সেয়ে এতিয়া ভুক্তভোগী ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। অঞ্চলৰ মহিলাসকলে শুক্ৰবাৰে এনেদৰে বিধ্বস্থ পথটোৰ ওপৰত কঠিয়া ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনায়। লগতে পথটো মেৰামতি নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিয়ে। মহিলাসকলে আনকি ৰহাৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰতো ক্ষোভ উজাৰে।