sangbad lahar logo

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগ।

নিউজ ডেস্কঃ পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে। নৱযোত সিং সিদধুৰ সৈতে হোৱা দীঘলীয়া সময়ৰ সংঘাতৰ পাছত অৱশেষত ৰাজ্য়পাল বনোৱাৰী লাল পুৰহিতক সাক্ষাত কৰি পদত্যাগ পত্ৰ দাখিল কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। চণ্ডীগড়ত থকা ৰাজভৱনত পদত্যাগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। দুটা ভাগত বিভক্ত হৈছে পঞ্জাৱ কংগ্ৰেছ আৰু তাৰ পাছতে পদত্য়াগ কৰে অমৰিন্দৰ সিঙে। মুখ্যমন্ত্ৰী গৰাকীৰ এই সিদ্ধান্তৰ পিছত কি হৱ পঞ্জাৱ কংগ্ৰেছৰ ভৱিষ্যত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *