পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে,বাল্যবিৱাহ কৰোৱাৰ অভিযোগ উখাপিত হৈছে এগৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে…

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ এইবাৰ বাল্যবিৱাহ কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি মৰিগাঁও জিলাৰ ৫৩নং লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০ নং হয়বৰগাঁও গাঁও পঞ্চায়তৰ সান্দহখাইটি গাঁৱৰ ৮নং (ক) ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী চহিদুল আলমে ২০১৩ বৰ্ষতে পলুৱাই বিয়া কৰাইছিল এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ৷ সেই সময়ত তেওঁৰ পত্নীৰ বয়স আছিল ১৫ বছৰ ৷ সেই অনুসৰি চহিদুল ইছলাম এগৰাকী বাল্যবিৱাহ কৰোৱা ব্যক্তি ৷ যিহেতু পঞ্চায়ত নিৰ্বাচনৰ নিয়ম অনুসৰি বাল্যবিৱাহৰ লগত জড়িত কোনো ব্যক্তিয়ে নিৰ্বাচনত অবতীৰ্ণ হ’ব নোৱাৰে, তেনেক্ষেত্ৰত চহিদুল আলম নামৰ প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচন আয়োগক ভুল শপতনামা দাখিলেৰে বিপথে পৰিচালিত কৰি প্ৰাৰ্থীত্ব লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ মঙ্গলবাৰে জাগীৰোডত এক সংবাদমেল আয়োজন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে একেটা ৱাৰ্ডত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱা আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী দেলচিনা নাচৰিনৰ লগতে সমৰ্থকে ৷

সেয়ে উক্ত ব্যক্তি গৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় তদন্ত কৰি উচিত শাস্তি বিহাৰ লগতে প্ৰাৰ্থীত্ব বাতিল কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু মৰিগাঁও জিলা নিৰ্বাচনী বিষয়াক আহ্বান জনায় ৷