
এটি দুখীয়া পৰিয়াললৈ বিশেষ ভাবে সক্ষম কনমানি শিশু। যাৰ বাবে এতিয়া মাতৃয়ে সহায় ভিক্ষা বিচাৰিছে অসমৰ চৰকাৰৰ। যোগীঘোপাৰ কাবাইটাৰী গাও্ পঞ্চায়তৰ অন্তৰ্গত কাবাইটাৰী পঞ্চম খণ্ড গাঁৱৰ মুলুকজান বেগমৰ কন্যা সন্তান সাত বছৰীয়া আঞ্জুমা খাতুন বিশেষ ভাবে সক্ষম হৈ থকাত অসহায় হৈ পৰিছে এতিয়া দু্ৰ্ভগীয়া মাতৃগৰাকী। বিশেষ ভাবে সক্ষম আঞ্জুমা খাতুন কোনোমতে উঠিব – বহিব পাৰে। এটা গোহালি সদৃশ কোঠাৰ ভিতৰতে চুচৰি বাগৰি ফুৰে আঞ্জুমাই ।
যাক লৈ এতিয়া বিপাঙত পৰিছে দিন হাজিৰা কৰা মাতৃ মুলুকজান বেগম। উল্লেখযোগ্য যে তিনি বছৰ পূৰ্বে মুলুকজান বেগমৰ স্বামী আবুল হুছেইনে দুটাকৈ সন্তান এৰি থৈ ঘৰৰ পৰা অন্তৰ্ধান হয়।
তেতিয়াৰে পৰা দুটিকৈ সন্তানক বুকুত সাঁৱটি মুলুকজান বেগমে অতি কষ্টৰে দিন হাজিৰা কৰি পৰিয়ালটো চলাই যদিও দুই সন্তানক লৈ বিপদত পৰিছে এতিয়া মুলুকজান বেগম।
পুৱাই দিন হাজিৰা কৰিবলৈ ওলাই যোৱা মুলুকজান বেগমে সন্তানৰ চিকিৎসাৰ বাবে নাই সাঁচতীয়া ধন। যাৰ বাবে এতিয়া স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ হাত।
যদি কোনো সু-হৃদয়বান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে +916901943771 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া মাতৃয়ে ।
85 Comments