sangbad lahar logo

নৱনিযুক্ত প্ৰাপ্তশিক্ষক তথা টিউটৰ সকলৰ বিৰুদ্ধে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কঠোৰ সকিয়নি ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ মূৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত দমকল মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাৰ সকিয়নী। বিদ্যালয়খনৰ বিভিন্ন কাৰ্যসূচী উদ্ধোধন কৰিবলৈ আহি শিক্ষা বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত হোৱা মূখামুখিত নতুনকৈ নিযুক্তি প্ৰাপ্ত শিক্ষক তথা টিউটৰ সকলৰ বিৰুদ্ধে কঠোৰ হ’ব বুলি জানিবলৈ দিয়ে । সাংবাদ মাধ্যম তথা বিভিন্ন কৰ্মত জড়িত শিক্ষক তথা টিউটৰ সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়াই । তদুপৰি ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই সকলো ধেমাজিবাসী জনসাধাৰণক বিভিন্ন কৰ্মৰ লগতে সংবাদ মাধ্যমত জড়িত শিক্ষক তথা টিউটৰ সকলৰ সন্ধান পালে যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ।তদুপৰি তেওঁ জানিবলৈ দিয়ে যে মূৰ্কংচেলেক শিক্ষাখণ্ড বিষয়াৰ পৰা তেনে শিক্ষক তথা টিউটৰ সকলৰ তালিকা সংগ্ৰহ কৰি তদন্ত কৰাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।এতিয়া প্ৰশ্ন হয় ধেমাজি জিলাত থকা এনে শিক্ষক তথা টিউটৰ সকলক ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ’ব সময়ৰ লক্ষ্যনীয় বিষয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *