
তেওঁৰ নাম ওছমান গণি। কিন্তু ব্যতিক্রমী বুলি কৈছোঁ কিয় ? কিয়নো সমষ্টি বাসীৰ দুখে-সুখে দিনে নিশাই সৰ্বত্তে ৰাইজৰ কাষত থিয় দিয়া দেখা গৈছে যুৱনেতা গৰাকীক ,যাৰ ফলত হিয়াৰ আমঠু হৈ পৰিছে বহু ৰাইজৰ মাজত।
কৰবাত যদি হাতীৰ উপদ্ৰৱৰ ফলত সৰ্বশাস্ত হৈছে সমষ্টিবাসী তাতে উপস্থিত ৰাইজৰ লগত বুজ পৰামৰ্শ কৰি মন্ত্ৰীক লগ কৰিছে , আন কৰবাত আকৌ ৰাস্তা ঘাট, গৰাখহনীয়া সমস্যা, দলং আদিৰ সমস্যাকলৈ মন্ত্ৰীক লগ কৰি অৱগত কৰিছে এক প্ৰকাৰ BJP চৰকাৰৰ নীতি আদৰ্শৰে ৰাইজৰ সেৱাত দিনে নিশাই ব্যস্ত হৈ পৰিছে এইগৰাকী জন নেতা।আজি যুৱ নেতা জনে কেইবাদিন ধৰি গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰা গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ নিছিনপুৰত উপস্থিত হৈ অঞ্চলটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু খহনীয়াত গৃহহীন হোৱা ভুক্তভোগীৰ কাষত থিয় দিয়ে । এই সম্পৰ্কে স্থানীয় ৰাইজ আৰু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস দিয়ে তেওঁ। আনহাতে তেখেতৰ সৈতে উপস্থিত থাকে বিভাগীয় কৃতপক্ষৰ লগতে দলীয় কেইবাগৰাকী কাৰ্য্যকৰ্তা।