
হাজোত এইবাৰ চোৰৰ টাৰ্গেট বিদ্যালয়। বৰ্ণিৰ ন-পাৰা প্ৰাথমিক বিদ্যালয়ত চোৰে সংঘটিত কৰিছে চুৰিকাণ্ডৰ ঘটনা। নিশা বিদ্যালয়খনৰ তলা ভাঙি চোৰে লৈ গ’ল মটৰ পাম্পৰ লগতে বিদ্যালয় গৃহৰ টিনপাট। হাজোত দৈনিক সংঘটিত হৈছে এটাৰ পাছত আনটো চুৰিকাণ্ডৰ ঘটনা। এইবাৰ এইখন বৰ্ণি ন-পাৰা প্ৰাথমিক বিদ্যালয়ৰ তলা ভাঙি গভাইদ চোৰৰ দলে লৈ গ’ল ১টা মটৰ পাম্পৰ লগতে বিদ্যালয় গৃহৰ কেইবাখনো টিনপাট। নিশা সংঘটিত এই চুৰিকাণ্ডৰ ঘটনাৰ পিছতে পুৱাৰ ভাগত বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিবেশৰ। কেৱল যোৱা নিশাই নহয়, ইয়াৰ পূৰ্বেও কেইবাবাৰো এই বিদ্যালয়খনত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। সোমবাৰে নিশা সংঘটিত এই চুৰিকাণ্ডৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই আজি হাজো থানাত দাখিল কৰিছে এজাহাৰ।