
নিউজ ডেস্কঃ শনিবাৰে নিশা মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয় অসম চৰকাৰৰ স্বাস্থ্য আৰু সমাজ কল্যান বিভাগৰ প্ৰধান সচিব অনুৰাগ গয়েলে পৰিদৰ্শন কৰে। গ্ৰাম্য চিকিৎসালয় খনত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ লগত আলোচনা কৰে সচিব গৰাকীয়ে। চিকিৎসালয় খনৰ ভিন্ন বিভাগ সমূহৰ বিষয়ে আলোচনা কৰে প্ৰধান সচিব গৰাকীয়ে। উল্লেখযোগ্য যে এই গ্ৰাম্য চিকিৎসালয়ে মৈৰাবাৰীৰ বৃহৎ অঞ্চলৰ জনসাধাৰণক চিকিৎসা সেৱা আগবঢ়াই আহিছে যদিও ডক্টৰ আৰু স্বাস্থ্য কৰ্মীৰ অভাৱৰ লগতে কাৰিকৰী সমস্যাৰ বাবে জনসাধাৰণে ভিন্ন সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয় খনে এক বৃহৎ অঞ্চলৰ জনসাধাৰণক সেৱা আগবঢ়াই আহিছে যাৰ বাবে অতি শীঘ্ৰেই এই চিকিৎসালয়খন উন্নত কৰাৰ লগতে অভাৱ সমূহ সমাধান কৰা হব বুলি প্ৰধান সচিব অনুৰাগ গয়েলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
