নিশা উত্তৰ গুৱাহাটী গুৱাহাটীত বন বিভাগৰ অভিযানত আ*ট*ক বনদস্যু…..

নিশা উত্তৰ গুৱাহাটী গুৱাহাটীত বন বিভাগৰ অভিযানত আটক বনদস্যু ।আটক উত্তৰ গুৱাহাটী চন্দ্ৰাৰ বসন্ত দাসক ।স্নিভাৰ ডগৰ সহায়ত চলোৱা অভিযানত বসন্ত দাসৰ বাসগৃহৰ চৌহদত উদ্ধাৰ কাঠৰ কুণ্ডা ।আটক কৰি বৰ্তমান চিলা বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ৰখা হৈছে বসন্ত দাসক ।উত্তৰ গুৱাহাটীৰ “দীৰ্ঘেশ্বৰী সংৰক্ষিত বনাঞ্চল”ত বনদস্যুৰ হাতোৰা ।

এফালৰ পৰা কাটি তহিলং কৰিছে ৯০০ হেক্টৰ এলেকা আবৰি থকা “দীৰ্ঘেশ্বৰী সংৰক্ষিত বনাঞ্চল” খনৰ বহু মূল্যৱান শাল গছ ।দীৰ্ঘদিন ধৰি বনাঞ্চল খনৰ পৰা বনদস্যুয়ে নিৰ্বিঘ্নে চলাই আছে শাল গছৰ সৰববৰাহ ।কাৰণ “দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া”ৰ কাৰ্যালয়ৰ গাৰ কাষতে চলি আহিছে এই বন ধ্বংস যজ্ঞ অভিযান ।