sangbad lahar logo

নিজ সমষ্টিৰ পৰিয়ালৰ বাসগৃহত নিশা কটোৱাৰ উদ্দেশ্যেৰে উপস্থিত হ’ল দিগন্ত কলিতা

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ লক্ষ্যৰে দিগন্ত কলিতা উপস্থিত হ’ল কামৰূপ গ্ৰাম্যৰ মুক্তাপুৰৰ বৰগাওঁ তুলামাটিত। কমলপুৰ সমষ্টিৰ বিজেপিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতাই শুক্ৰবাৰে সন্ধিয়া বৰগাঁৱৰ মুক্তাপুৰ পঞ্চায়তৰ অন্তৰ্গত তুলামাটিত এখনি গাঁও সভাত গাওবাসীৰ সৈতে মত বিনিময় কৰি গাঁও খনৰ সমস্যা, অভাৱ অভিযোগ আৰু উন্নয়নৰ বুজ লয়। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে নিজ সমষ্টিৰ প্ৰতিটো পঞ্চায়তত এটাকৈ নিশা কটোৱাৰ উদ্দেশ্যৰে শুক্ৰবাৰে জ্যোতিষ কলিতাৰ ঘৰত উপস্থিত হয় বিধায়ক গৰাকী ৷ ইপিনে গাঁও সভাৰ অন্তত সাংবাদিকে সোধা উপ নিৰ্বাচন প্ৰসঙ্গত কলিতাই অখিল গগৈৰ কোনো স্থিতি নাই,অখিল গগৈ কেতিয়াবা ৰাহুল গান্ধীৰ সৈতে কেতিয়াবা মমতা বেনাৰ্জীৰ সৈতে কাম কৰাৰ কথা কয়, আৰু নিৰ্বাচনত পাঁচটা সমষ্টিতেই কৰবাত বিজেপি কৰবাত ইউপিপিএল কৰবাত এজিপি প্ৰাৰ্থী দি পাঁচখন আসনেই নিজৰ দখললৈ আনিব বুলিও মন্তব্য আগবঢ়ায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *