
নতুন দিল্লীত নিৰুদ্দেশ হ’ল চৰাইদেউ জিলাৰ বৰহাট চকলীয়া গাঁৱৰ এগৰাকী লোক ৷ গুজৰাটৰ এখন শিক্ষানুষ্ঠানত নিজ কন্যাক নামভৰ্ত্তি কৰাবলৈ গৈছিল লোকজন ৷ প্ৰদীপ গগৈ নামৰ লোকজনে প্ৰতিষ্ঠানটোত কন্যাক নামভৰ্ত্তি কৰাই দিয়াৰ পিছত হোষ্টেলত ৰাখি যোৱা ২৯ অক্টোবৰত ঘৰলৈ উভতিছিল ৷ যোৱা ৩১ অক্টোবৰলৈকে লোকজনে ফোনেৰে পৰিয়ালৰ সতে যোগাযোগ ৰাখিছিল যদিও উক্ত দিনটোৰ বিয়লি প্ৰায় ৪ বজাৰ পৰা লোকজনৰ মোবাইল বন্ধ অৱস্থাত আছে আৰু লোকজন ঘৰলৈও ঘুৰি অহা নাই ৷ লোকজনৰ সৈতে শিৱসাগৰৰ জনৈক অংকুৰ নামৰ এজন লোকো আছিল যদিও উক্ত লোকজনে প্ৰদীপ গগৈ নতুন দিল্লীৰ ৰেলৱে ষ্টেচনত কি পৰিস্থিতিত হঠাতে ক’ত নোহোৱা হ’ল সেয়া গম নোপোৱাৰ কথা জনাইছে বুলি পৰিয়ালৰ লোকে অৱগত কৰে ৷
লোকজন মাজপথতে হঠাৎ নিৰুদ্দেশ হোৱাত পৰিয়ালত হাহাকাৰ লাগিছে ৷ বিভিন্ন ঠাইত পৰিয়ালটোৱে লোকজনক বিচাৰ-খোচাৰ কৰিছে যদিও তেওঁৰ সন্ধান অদ্যপি লাভ কৰা নাই ৷ এই সম্পৰ্কে পৰিয়ালৰ লোকে বৰহাট আৰক্ষীক অভিযোগ দাখিল কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়েও লোকজনৰ সন্ধান অব্যাহত ৰাখিছে ৷
লোকজনৰ যদি কোনোবা ব্যক্তিয়ে সন্ধান লাভ কৰে তেন্তে নিকটৱৰ্তী আৰক্ষীক অথবা তলত দিয়া মোবাইল নম্বৰত 9706938064 অথবা 7086714317 যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷