sangbad lahar logo

নাৰ্চাৰী ব্যৱসায়ৰে স্বাৱলম্বী ছিপাঝাৰৰ মাহৰিপাৰাৰ ব্ৰজেন কলিতা।

ৰাজ্যত চৰকাৰী চাকৰিমুখী শিক্ষিত নিৱনুৱাৰে ঠাহখাই থকা সময়ত হাতে কামে কাম কৰি আত্মনিৰ্ভৰশীল হ’বলৈ আগবঢ়া এগৰাকী যুৱক। ছিপাঝাৰৰ দুনীৰ মাহৰিপাৰা গাঁৱৰ ব্ৰজেন কলিতা নামৰ যুৱক গৰাকীয়ে আন দহ গৰাকী শিক্ষিত যুৱকৰ দৰে চৰকাৰী চাকৰি বিচাৰি অফিচ-কাছাৰী কিম্বা মন্ত্ৰী- বিধায়কৰ পিছে পিছে দৌৰি হাবাথুৰি খাব নিবিচাৰি এক ইতিবাচক চিন্তা-চৰ্চাৰে ঘৰতে নাৰ্চাৰী খুলি স্বাৱলম্বিতা হোৱাৰ সপোন ৰচিছে।যাৰ পাছত নাৰ্চাৰী ব্যৱসায় মুকলি কৰি বিগত বিশ বছৰে চলাই আছে এক সংগ্ৰামী জীৱন সংগ্ৰাম ৷নিজৰ ব্যৱসায়ৰ পৰিসৰ বহল কৰিব বিচাৰি বিগত সময়ত কৃষি বিভাগ আৰু বেংকৰ সহায় বিচাৰি কেৱল বেয়া ব্যৱহাৰহে পালে উদ্যোগী যুৱক ব্ৰজেন কলিতাই। এক লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি নিজৰ সংগ্ৰামী জীৱন পাতনি মেলা ব্ৰজেন কলিতা বিচলিত নহৈ ব্যক্তিগত প্ৰচেষ্টাৰে  বিভিন্ন উদ্ভিদৰ পুলি , আলংকাৰিক উদ্ভিত , ফুল আৰু ফল-মূলৰ পুলি, কাটিং , গ্ৰাফটিং ইত্যাদিৰ ব্যৱসায়েৰে অৰ্থোপাৰ্জনৰ চেষ্টা অব্যাহত ৰাখিছে ৷ বহু সময়ত বিভিন্ন প্ৰত্যাহবানৰ মুখামুখি হৈয়ো ঘাটে-বজাৰে নিজৰ নাৰ্চাৰীৰ সামগ্ৰী বিক্ৰী কৰি থকা ব্ৰজেন কলিতাই এতিয়াও বুকুত পুহি ৰাখিছে নাৰ্চাৰীখন উন্নত কৰাৰ এক সপোন ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *