পুনৰবাৰ বাতিল হ’ল ‘ছেবা’ৰ পৰীক্ষা ৷ ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ-সন্থা ৷ আজি ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আৰু অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্ত্তিক প্ৰতিকী ফাঁচি দি প্ৰতিবাদ সাব্যস্ত কৰে নামৰূপ আছুৱে ৷ চহৰখনৰ সোনাৰী তিনিআলিত প্ৰতিবাদ সাব্যস্ত কৰি আছু কৰ্মী সকলে অসমৰ শিক্ষা মন্ত্ৰী, চেবাৰ অধ্যক্ষ আৰু চেবাৰ পৰীক্ষা নিয়ন্ত্ৰকক মূৰ্দাবাদ ধ্বনি দি তেওঁলোকৰ পদত্যাগৰো দাবী তোলে ৷ প্ৰায় অৰ্দ্ধ শতাধীক আছু কৰ্মীৰ প্ৰতিবাদী শ্ল’গানে নামৰূপ সোনাৰী তিনিআলি কিছু সময়ৰ বাবে উত্তাল কৰি তোলে ৷