sangbad lahar logo

নামেৰীত মুকলি কৰি দিয়া হ’ল উমানন্দত উদ্ধাৰ হোৱা ঢেঁকীয়াপতীয়া বাঘটো।

২০ ডিচেম্বৰত উমানন্দ মন্দিৰত উদ্ধাৰ হৈছিল এটা ঢেঁকীয়াপতীয়া বাঘ। ব্ৰহ্মপুত্ৰৰ বুকুৰে সাঁতুৰি আহি উমানন্দত আশ্ৰয় লৈছিল বাঘটোৱে। এই ঘটনাৰ পিছত উমানন্দত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। তাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰিছিল বাঘটোক।

দেওবাৰে বাঘটো নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। উমানন্দৰ পৰা উদ্ধাৰ কৰাৰ পিছতে ৰাজ্যিক চিৰিয়াখানাত ৰখা হৈছিল বাঘটো।

Related Articles