sangbad lahar logo

নামনি অসমৰ কৃষিজীৱি উৎসৱ হৈছে ভঠেলি উৎসৱ । বাক্সাৰ বৰমাৰ খাৰুৱাজানত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ভঠেলি উৎসৱৰ হীৰক জয়ন্তী বৰ্ষ ।

প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন কৰাৰ পিছত ধৰ্মীয় ও সাংস্কৃতিক এক বিশাল শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাৰ মাজতে পে পে পে কন্যা কৰিস্মা নাথৰ পে পে পে গীত জুৰিলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মহিলা সকলেও । বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয় এই বিশাল শোভাযাত্ৰাত । এই ভঠেলি উৎসৱৰ জৰিয়তে ভাতৃত্ববোধৰ এনাজৰী দৃঢ় কৰা হয় , তাকে কামনা কৰিছে ভঠেলি উৎসৱৰ কাৰ্যকৰ্তা সকলেও । ভঠেলি উৎসৱৰ বাকৰি এতিয়া বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত হোৱা পৰিলক্ষিত হৈছে । অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা ভঠেলি উৎসৱটো খাৰুৱাজান কৃষিজীৱি গাওঁ ৰাইজে পুৰণি এই উৎসৱটো জীয়াই ৰাখি আজিও বিশালভাৱে আয়োজন কৰি আহিছে ।

Related Articles