কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে মন’পলিভাৱে কাম কৰাৰ অভিযোগ।
আগলৈ কহিনুৰ থিয়েটাৰক কোনোধৰণৰ নাটক নিদিয়াৰো সিদ্ধান্ত হেমন্ত দত্তৰ পৰিয়ালৰ।
ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ এক সুকীয়া স্থান আছে । এই কহিনুৰ থিয়েটাৰেই ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ ‘টাইটানিক’আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । এইবাৰ অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষত কহিনুৰ থিয়েটাৰে পুনৰবাৰ ‘টাইটানিক’মঞ্চস্থ কৰিবলৈ ঠিক ঠাক কৰি নাটকখনৰ পাণ্ডুলিপি নাট্যকাৰ হেমন্ত দত্তৰ পৰা সংগ্ৰহ কৰিছিল । নাট্যকাৰ হেমন্ত দত্তই বিচাৰিছিল তেওঁৰ পুত্ৰ অভিনেতা, পৰিচালক অনিৰ্বান দত্তই নাটকখন পৰিচালনা কৰাটো । হেমন্ত দত্তই সকলো কথা পুত্ৰক বুজাইছিল টাইটানিকৰ বিষয়ে । তপন লহকৰে কোনো কথা সোধাঁ পোচা নকৰাকৈ ইতিমধ্যে নাটকৰ প্ৰাৰম্ভিক কাম আগবঢ়াই নিয়ে আৰু ইয়াতেই খৰ্গহস্ত হৈ পৰে নাট্যকাৰ হেমন্ত দত্তৰ লগতে তেওঁৰ পুত্ৰ পৰিচালক অনিৰ্বান দত্ত । সেয়ে মঙলদৈৰ ভেবাৰঘাটস্থিত বাসগৃহত হেমন্ত দত্ত আৰু অনিৰ্বান দত্তই এক সংবাদমেল সম্বোধন কৰি তেওঁলোকে ‘টাইটানিক’নাটকখন কহিনুৰ থিয়েটাৰৰ পৰা ওভতাই অনাৰ সিদ্ধান্ত সাংবাদিকৰ আগত ব্যক্ত কৰে । অনিৰ্বান দত্তই লগতে কয় যে, অদূৰ ভৱিষ্যতে হেমন্ত দত্তৰ কোনো নাটকেই কহিনুৰ থিয়েটাৰক দিয়া নহ’ব আৰু ইতিমধ্যে টাইটানিকৰ পাণ্ডুলিপি ওভতাই দিবলৈ কহিনুৰ থিয়েটাৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা বুলি জানিব দিয়ে।