
গেলেকীত জ্যোতিমাৰ্গ বেচৰকাৰী সংস্থাৰ দ্বাৰা U.P.S.C , A.P.S.C আৰু NEET আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সমল ব্যক্তিৰ দ্বাৰা এদিনীয়া প্ৰশিক্ষণ কৰ্মশালা।গেলেকী জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় এই কৰ্মশালাৰ। কৰ্মশালাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নাজিৰা মহকুমাধিপতি সব্যসাচী কাশ্যপ , শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক অমৰজ্যোতি গগৈ , সহকাৰী আয়ুক্ত প্ৰতিম গগৈ , গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি ভালেকেইখন বিদ্যলয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী । কৰ্মশালাত উপস্থিত থাকি নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কেনেধৰনে প্ৰস্তুতি চলাব লাগে তাৰ বিষয়ে বিস্তৃত ভাবে বক্তব্য আগবঢ়াই।
আজিৰ এই কৰ্মশালাতে প্ৰথম PHD ডিগ্ৰী লাভ কৰি গেলেকী অঞ্চললৈ সুনাম কঢ়িয়াই অনা ড°বেণু দুৱৰা আৰু মামনি দুৱৰাৰ কন্যা ৰ’দালি দুৱাৰাক সম্বৰ্দ্ধনা জনোৱা হয়।
লগতে NEET ৰ উত্তীৰ্ণ ছাত্ৰ তাহমিদ আকতাব আৰু ইফটিখাৰ ৰহমানকো সম্বৰ্দ্ধনা জনোৱা হয় এই অনুষ্ঠানত। আজিৰ এই কাৰ্যসূচীত জ্যোতিমাৰ্গ NGO ৰ হৈ সভানেত্ৰী নীলিমা গগৈ , সম্পাদিকা বিদ্যাজ্যোতি গগৈৰ লগতে আন সকলো সদস্যা উপস্থিত থাকে।