sangbad lahar logo

নাজিৰাত মুক্তিযুঁজাৰু সকলক সম্বৰ্ধনা

ডিজিটেল ডেস্ক , নাজিৰা , নিপন বৰগোহাঁইঃ– অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে বৃহস্পতিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি নাজিৰা মহকুমা অন্তৰ্গত বৰছিলা নিবাসী মুক্তি যুঁজাৰু খেতেক গায়নৰ নিজ বাসভৱনত উপস্থিত হৈ ফুলাম গামোছা, চেলেং চাদৰ আৰু শৰাই প্ৰদান কৰি সম্বৰ্ধনা জনায়। ইয়াৰ পাছতে মহকুমাধিপতি গৰাকীয়ে ক্ৰমে গেলেকীৰ আইদেউবাৰীৰ নিবাসী হলিৰাম দুৱৰা, বৰাকখোৱা গাঁৱৰ নিবাসী যদু বৰুৱা আৰু সুন্দৰপুখুৰীৰ নিবাসী চন্দ্ৰ কমল দত্তৰ বাসভৱনত উপস্থিত হৈ প্ৰত্যেকগৰাকী মুক্তি যোদ্ধাক ফুলাম গামোছা, চেলেং চাদৰ আৰু শৰাই প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে তেখেতসকলৰ স্বাস্থ্যৰ বুজ লয়। সামাজিক দূৰত্ব ৰক্ষা কৰি অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানত নাজিৰা মহকুমাৰ সহকাৰী উপায়ুক্ত অদিতি বৰ্মন উপস্থিত থাকে। এই বিশেষ সম্বৰ্ধনাৰ বাবে মুক্তি যুঁজাৰু সকলৰ পৰিয়ালবৰ্গই নাজিৰা মহকুমাধিপতিক ধন্যবাদ জনায় আৰু সন্তোষ প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *